দান বৰঙণিৰ মৰ্যাদা (হাদীছত বৰ্ণিত কাহিনী/১২)
এবাৰৰ কথা। এজন ব্যক্তি কোনো এক নিৰ্জন ঠাইত থিয় হৈ আছিল। সেই সময়ত তেওঁ এটা ডাৱৰৰ পৰা মাত এটা শুনিলে, অমুক মানুহৰ বাগিচাত পানী দি সিক্ত কৰি দিয়া। সেই ডাৱৰটো তাৰ পৰাই গতি কৰিবলৈ ধৰিলে। এটি ক’লা শিল বিশিষ্ট মাটিত পানী বৰ্ষণ কৰিলে। তাৰ পিছত সকলো পানী এটা নলাত জমা হ’ল। মানুহজন পানীৰ পিছে পিছে গ’ল। বাগিচাত এজন মানুহক দেখিলে। কোদাল মাৰি পানী আগলৈ যোৱাৰ পথ কৰি দিছে। তেওঁক সুধিলে, তোমাৰ নাম কি? মানুহজনে তাক সেই নামটো কলে, যি ডাৱৰৰ মাজত সি শুনা পাইছিল। তেতিয়া মানুহজনে তেওঁক সুধিলে, ‘তুমি মোৰ নামটো কিয় জানিব বিচাৰিছা? ’ তেওঁ ক’লে, ‘এই পানী যি মেঘৰ পৰা, সেই মেঘত মাত এটা শুনিলোঁ, অমুক বাগিচাত গৈ পানী বৰ্ষণ কৰা আৰু তাত আপোনাৰ নাম লোৱা হৈছিল। এতিয়া তুমি মোক কোৱা, তুমি কি কৰা? ’ তেওঁ ক’লে, ‘যেতিয়া আপুনি সুধিছেই, তেতিয়া হ’লে শুনা! মই এই মাটিত উৎপাদিত শস্যক তিনিটা ভাগত ভাগ কৰি লওঁ। দান-বৰঙনি দিওঁ; এটা অংশ মই আৰু মোৰ পৰিয়ালে খাওঁ আৰু এটা অংশ এই মাটিত খৰচ কৰো। ’ [মুছলিম: ১৯৮৪]
শিক্ষাঃ
১। দান কৰিলে আল্লাহ আৰু বেছিহে দিয়ে।
২। আল্লাহৰ প্ৰিয়পাত্ৰ হবলৈ বেছি বেছি দান কৰিব লাগে।
৩। নিজৰ উপাৰ্জনৰ এটা অংশ পৰিয়ালৰ বাবে ব্যয় কৰিব লাগে।
৪। উপাৰ্জনকাৰীৰ উপাৰ্জনত গৰিব দুখিয়া সকলৰ এটা প্ৰাপ্য থাকে।
No comments