কথাত কটা যায় কথাতেই বটা পায় [হাদীছত বৰ্ণিত কাহিনী/১১]
বানি ইস্ৰায়েলৰ মাজত দুজন মানুহ আছিল। এজনে পাপ কৰিছিল আৰু আনজন সদায় ইবাদত-উপাসনাত ব্যস্ত আছিল। যেতিয়াই ইবাদতকাৰীজনে আন এজন ব্যক্তিক দেখিছিল, তেতিয়াই তেওঁক বেয়া কামৰ পৰা আঁতৰি থাকিবলৈ কৈছিল।
এদিন তেওঁক পাপ কামত লিপ্ত হোৱা দেখি ক’লে, তুমি এনে কামৰ পৰা বিৰত থাকা। তেওঁ ক’লে, মোক মোৰ প্ৰভুৰ হাতত এৰি দিয়া। তোমাক মোৰ পহৰা দিবলৈ পঠিওৱা হৈছে নেকি? তেওঁ ক’লে, আল্লাহৰ কচম! আল্লাহে তোমাক না ক্ষমা কৰিব আৰু না জান্নাতত প্ৰৱেশ কৰিব।
তাৰ পাছত যেতিয়া দুয়োকে মৃত্যুৰ পিছত আল্লাহৰ ওচৰলৈ অনা হ’ল, তেতিয়া তেওঁ ইবাদতকাৰীজনক সুধিলে, 'তুমি মোৰ বিষয়ে জানেনে? নে মোৰ হাতত যি আছে তাৰ ওপৰত তোমাৰ ক্ষমতা আছিল?' তাৰ পিছত পাপীজনক ক’লে, 'মোৰ ৰহমতত তুমি জান্নাতত প্ৰৱেশ কৰা' আৰু আনজনৰ বিষয়ে তেওঁ ক’লে, 'তাক দোযখলৈ লৈ যোৱা।'
এনেদৰে ইবাদাতকাৰী জনে যি বাক্য উচ্চাৰণ কৰিছিল যাৰ ফলত পৃথিৱী আৰু আখিৰাত দুয়োটাৰে ধ্বংস হৈছিল। [চুনান আবু দাউদ-৪৯০১]
শিক্ষা:
১। আখেৰাতত নিজৰ জবানৰ কাৰণেই বহুতে বিপদত পৰিব।
২। কথা কওতে সাৱধান হব লাগে। কথা জুখিহে কব লাগে।
৩। আমল নহয়, আল্লাহৰ ৰহমতেহে জান্নাত লাভ হব। যদিও নিৰ্ধাৰিত আমল কৰিবই লাগিব।
No comments