ads header

শেহতীয়া

বিশ্ব বিদ্যানৰ দৃষ্টিত হজৰত মোহাম্মদ (ছ)


 ইয়াকুব আলী আহমেদ

Smith Reginald Bosworth Smith এ লিখিছে -

‘Head of the State as well as of the Church, he was Caesar and Pope in one; but he was Pope without the Pope’s pretensions, and Caesar without the legions of Caesar. Without a standing army, without a bodyguard, without a palace, without a fixed revenue, if ever any man had the right to say that he ruled by a right Divine, it was Mohammed; for he had all the power without its instruments and without its supports. He rose superior to the titles and ceremonies, the solemn trifling, and the proud humility of court etiquette. To hereditary kings, to princes born in the purple, these things are, naturally enough, as the breath of life; but those who ought to have known better, even self-made rulers, and those the foremost in the files of time — a Caesar, a Cromwell, a Napoleon — have been unable to resist their tinsel attractions. Mohammed was content with the reality, he cared not for the dressings, of power. The simplicity of his private life was in keeping with his public life.

‘‘তেখেত আছিল যেনেকৈ ৰাষ্ট্ৰনেতা, ঠিক তেনেকৈ ধৰ্মনেতাও, একেদৰে চীজাৰ আৰু পোপ, কিন্তু পোপৰ জাঁক-জমকতা নোহোৱাকৈ পোপ আৰু চীজাৰৰ ৰাজকীয় বাহিনী অবিহনেই চীজাৰ। কোনো প্ৰতিষ্ঠিত সেনাবাহিনীৰ অবিহনে, দেহৰক্ষী অবিহনে, ৰাজপ্ৰসাদৰ অবিহনে, কোনো নিৰ্ধাৰিত ৰাজস্বৰ অবিহনেও যদি কোনো ব্যক্তিৰ এই কথা দাবী কৰাৰ অধিকাৰ থাকে যে, তেওঁ যথাৰ্থই স্বৰ্গীয় আইনৰ দ্বাৰা শাসনকাৰ্য পৰিচালনা কৰিছিল, তেন্তে তেখেত হৈছে মোহাম্মদ (ছা)। কাৰণ তেখেত সকলো ক্ষমতাৰ অধিকাৰী আছিল ক্ষমতাৰ কোনো উপায়-উপকৰণ নোহোৱাকৈ। পদবী, আনুষ্ঠানিকতা, তুচ্ছ ভাবগাম্ভীৰ্য, ৰাজদৰবাৰৰ বৈশিষ্ট সূচক গৌৰৱৰ পৰিচায়ক বিনীতভাৱৰ পৰা তেখেতৰ অবস্থান আছিল বহুত উৰ্দ্ধত। বংশানুক্রমিক ৰজা-মহাৰজাৰ, ৰাজবংশৰ সন্তানৰ ওচৰত যি দৈনন্দিন জীৱনত শ্বাস প্রশ্বাস গ্রহণ কৰাৰ দৰেই স্বাভাৱিক বিষয়। কিন্তু যি সকলে সুখ্যাতি লাভ কৰিছে, এনেকি সেই সকল লব্ধ প্ৰতিষ্ঠিত শাসকসকলৰ নাম সৰ্বাগ্ৰে উচ্চাৰিত হয় যেনে- চীজাৰ, ক্ৰমৱেল, নেপেলিয়ন, তেওঁলোকেও এই বিষয়-আশয়ৰ উচ্চাবিলাষৰ পৰা আত্মসংবৰণ কৰিবলৈ সক্ষম হোৱা নাই| মোহাম্মদ (ছা) আছিল বাস্তববাদী পূৰুষ। ক্ষমতাৰ পোছাকী মদমত্তাত তেখেতৰ কোনো উদ্বেগ নছিল। সামাজিক জীৱনৰ লগত তেখেতৰ ব্যাক্তিগত জীৱনো আছিল সৰলতাৰে পৰিপূৰ্ণ। [1]
তেখেতে আৰু কৈছে,
“By a fortune absolutely unique in history , Mohammed is a threefold founder of a nation, of an empire, and of a religion.”
‘সন্দেহতীতভাৱে ইতিহাসৰ একমাত্ৰ দৃষ্টান্ত হিচাপে মুহাম্মদ (ছ) হৈছে ত্ৰিবিধ গুণৰ অধিকাৰী, যিজন একেধাৰে এটি জাতি, এটি ৰাষ্ট্ৰ আৰু এটি ধৰ্মৰ প্ৰতিষ্ঠাতা।’ [2]

Montogomary Watt William Montgomery Watt এ লিখিছে -

“His readiness to undergo persecutions for his beliefs, the high moral character of the men who believed in him and looked up to him as leader, and the greatness of his ultimate achievement - all argue his fundamental integrity.”
‘নিজৰ বিশ্বাস ৰক্ষাৰ্থে তেখেতৰ [মুহাম্মদ (ছ)] যিকোনো ধৰণৰ দূ্ৰ্ভোগ স্বীকাৰ কৰিবলৈ প্ৰস্তুত থকা আৰু তেওঁক (নবী হিচাপে) বিশ্বাস কৰা আৰু নেতা হিচাপে শ্ৰদ্ধা প্ৰদৰ্শনকাৰী মানূহৰ মাজত সূউচ্চ নৈতিক গুণাৱলীৰ সমাবেশ আৰু তাৰ চুৰান্ত সাফল্যৰ মাজত যি মহত্ব ফুটি উঠিছে- সেয়াই তেওঁৰ মৌলিক সত্যতাৰ প্ৰতি সাক্ষ্য দিয়ে।’  [3]

Lamartine Alphonso De Lamartine এ লিখিছে

“Philosopher, orator, apostle, legislator, warrior, conqueror of ideas, restorer of rational dogmas, of a cult without images, the founder of twenty terrestrial empires and of one spiritual empire: that is MUHAMMAD. As regards all the standards by which human greatness may be measured, we may well ask IS THERE ANY MAN GREATER THAN HE?
‘একেধাৰে দাৰ্শনিক, বক্তা, সংস্কাৰক বা নতুন মতবাদৰ প্ৰচাৰক, আইন প্ৰণেতা, যোদ্ধা, বিজয়ী, যুক্তিভিত্তিক ধৰ্মমতৰ পুনৰোদ্ধাৰকাৰী, প্ৰতিমাবিহীন উপাসনাপদ্ধতি উদ্বাৱনকাৰী, একটি আধ্যাত্মিক সাম্রাজ্যৰ প্ৰতিষঠাকাৰী  আছিল মোহাম্মদ (ছ)। মানুহৰ মহত্ব পৰোপকাৰী সকলো মানদণ্ড অনুসৰি আমি সুধিব বিচাৰো তেখেতকৈ মহত্ কোনোবা আছেনে ?  [4]
তেওঁ আৰু কৈছে
“If greatness of purpose, smallness of means, and astonishing results are the three criteria of a human genius, who could dare compare any great man in history with Muhammad?
‘যদি উদ্দেশ্যৰ মহত্ব, উপকৰণৰ স্বল্পতা  আৰু বিষ্ময়কৰ ফলাফল অৰ্জন অতিমানৱীয় প্ৰতিভাৰ তিনিটা গুৰুত্বপূৰ্ণ চৰ্ত, তেখতৰ দৰে ইতিহাসত এনে আৰু কোনোবা ব্যক্তিক বিচাৰি উলিওৱাৰ সাধ্য কি কোনোবাৰ আছে যাক মোহাম্মদ (ছ) ৰ সৈতে তুলনা কৰা সম্ভৱ ?' [5]

John Austin  এ লিখিছে-

“In little more than a year he was actually the spiritual, nominal and temporal ruler of Medina, with his hands on the lever that was to shake the world.”
‘‘মদীনাত আগমনৰ এক বছৰতকৈ অলপ বেছি সময়ৰ ভিতৰত তেখেত (ছ) প্ৰকৃতাৰ্থত মদীনাৰ এনেকোৱা এজন আধ্যাত্বিক, জাগতিক আৰু পৰাক্ৰমশালী শাসকৰূপে আত্মপ্ৰকাশ কৰিছিল, যাৰ হাতৰ এটি টিপাত সমগ্র বিশ্ব কপাই তুলিব পাৰিলেহেঁতেন।’’  [6]

Wiliam Draper John William Draper  তেওঁৰ গ্রন্থ 'A History of the Intellectual Development of Europe' ত  লিখিছে-

“Four years after the death of Justinian, A.D. 569, was born at Mecca, in Arabia the man who, of all men exercised the greatest influence upon the human race...Mohammed”
‘জাষ্টিনিয়ানৰ মৃত্যুৰ চাৰি বছৰ পিছত ৫৬৯ খ্ৰীষ্টাব্দত আৰবৰ মক্কাত এনে এজন মানুহৰ জন্ম হৈছিল যিজন সমগ্র মানৱজাতিৰ ওপৰত সৰ্বোচ্চ প্ৰভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। তেখেত হৈছে মোহাম্মদ (ছ)।’’ [7]
তথ্য নির্দেশিকা
[1] (Reginald Bosworth Smith, in “Mohammedanism and Christianity” (7 March 1874), published in Mohammed and Mohammedanism(1889),p.289).
[2] (Reginald Bosworth Smith, in “Mohammedanism and Christianity” (7 March 1874), published in Mohammed and Mohammedanism(1889),p.289).
[3] (William Montgomery Watt, Muhammad at Mecca, Oxford : 1953, P. 52).3. A.)
[4] (History of Turkey Historie de la Turquie, Paris 1854, Vol. 11 pp. 276-277).
[5] (History of Turkey Historie de la Turquie, Paris 1854, Vol. 11 pp. 276-277).
[6] (John Austin, Muhammad the Prophet of Allah in T.P.’s and Cassel’s Weekly for 24th September 1927).
[7] (John William Draper, M.D., L.L.D., A History of the Intellectual Development of Europe, London 1875, Vol.1, pp.329-330).

No comments