ads header

শেহতীয়া

আখিৰাতৰ শাস্তিৰ তুলনাত দুনিয়াৰ শাস্তি অতি তুচ্ছ (হাদীছত বৰ্ণিত কাহিনী/১০)

 
 ইয়াকু আলী আহমেদ

   ইয়াকুব আলী আহমেদ

মিশৰ! পিৰামিডৰ দেশ। এই দেশ ফেৰাউনৰ দেশ। ফেৰাউনৰ ৰাজত্ব কালৰে ঘটনা। ফেৰাউনৰ জীয়েকৰ এজনী সেৱিকা আছিল। এদিনাখনৰ কথা সেৱিকাজনীয়ে ফেৰাউনৰ জীয়েকৰ চুলি ফণিয়াই থাকোঁতে ফণি সৰি পৰি যায়। তেতিয়া ফণি ওপৰলৈ তুলি ক’লে, বিছমিল্লাহ (আল্লাহৰ নামেৰে আৰম্ভ কৰিছো)। ফেৰাউনৰ জীয়েকে আচৰিত হৈ সুধিলে, ‘আল্লাহ বুলি কাক বুজাইছা?’ কাৰণ ফেৰাউনৰ জীয়েকে জানিছিল প্ৰভু হৈছে তাৰ দেউতাক। তেতিয়া সেৱিকাই ক’লে, ‘নাই, বৰঞ্চ তেৱেঁই আল্লাহ যি মোৰ, তোমাৰ আৰু সমগ্ৰ জগতৰ প্ৰভু। তোমাৰ পিতৃৰ প্ৰভুও।’ ফেৰাউনৰ জীয়েকে সুধিলে, ‘মোৰ পিতৃৰ বাহিৰে আন কোনো প্ৰভু আছেনে?’ সেৱিকাই ক’লে, ‘হয়, আছে।’ তেওঁ ক’লে, ‘মই দেউতাক ক’ম নে?’ সেৱিকাই ক’লে, ‘ঠিক আছে, যোৱা মোৰ কথা কোৱা।’ 

ফেৰাউনৰ জীয়েকে দেউতাকক সকলো কথা ক’লে। ফেৰাউনে তাইক মাতি আনি সুধিলে, ‘হে অমুক নাৰী! মোৰ বাহিৰে তুৰ কোনো প্ৰভু আছে নেকি? সেৱিকাই ক’লে, 'হয়, আল্লাহ মোৰ একমাত্ৰ প্ৰভু!'

ফেৰাউনে পিতলৰ দ্বাৰা নিৰ্মিত এটা কেৰাহী বিচাৰিছিল। আদেশ মতে কেৰাহী এটা আনি দিয়া হ’ল। তাত পানী ঢালি বহুত গৰম কৰা হ’ল। তাৰ পাছত সেৱিকা জনীৰ ল’ৰা-ছোৱালীক এটা এটাকৈ তালৈ দলিয়াই দিয়া হ’ল। এই সময়ত সেৱিকা জনীয়ে ক’লে, 'মোৰ এটা ইচ্ছা আছে।' ফেৰাউনে সুধিলে, 'কি ইচ্ছা? তেওঁ ক’লে, 'মোৰ হাড় আৰু মোৰ ল’ৰা-ছোৱালীৰ হাড়বোৰ একেখন কাপোৰতে একেলগে পুতি থোৱা হয় যেন।' ফেৰাউনে ক’লে, 'ঠিক আছে, তুৰ এই ইচ্ছা পূৰণ কৰা হ’ব।' 

ফেৰাউনৰ আদেশত তেওঁৰ সন্তানক এটা এটাকৈ তালৈ দলিয়াই দিয়া হ’ল। শেষত তাইৰ স্তনপান কৰা কেঁচুৱাটোৰ পাল আহিল। এই সময়ত মাকৰ সাহস হেৰুৱাৰ উপক্ৰম হৈছিল। কিন্তু শিশুটিয়ে ক’লে ‘মা! মোকো দলিয়াই দিব দিয়া, কাৰণ আখিৰাতৰ শাস্তিৰ তুলনাত দুনিয়াৰ শাস্তি অতি তুচ্ছ।‘

বিশ্বনবী হজৰত মোহাম্মদ (ছ) যেতিয়া মিৰাজত গৈছিল। সেই ৰাতি সুগন্ধি পাই ৰাছুল (ছ) এ জিব্ৰাইল (আ) ক সুধিলে এয়া কিহৰ সুগন্ধি। তেতিয়া জিব্ৰাইলে ক’লে, ‘এই সুগন্ধি ফেৰাউনৰ সেৱিকা আৰু তাৰ সন্তানৰ।' [মুসনাদে আহমাদ]


শিক্ষাঃ

১। তৌহিদৰ শিক্ষা প্ৰদান কৰিছে। 

২। বিপদত ধৈর্য ধাৰণ কৰিব লাগে। 

৩। ইহকালীন কৰ্মৰ ফল আখেৰাতত অৱশ্যেই প্ৰতিফল হিচাপে ওভতাই পাবই। 

No comments