ads header

শেহতীয়া

জীৱৰ প্ৰতি দয়া (হাদীছত বৰ্ণিত কাহিনী/১৩)

 


ইয়াকুব আলী আহমেদ

[১]

এজন মানুহে এটা বাটেৰে খোজ কাঢ়ি গৈ আছিল, তেতিয়া তেওঁৰ বৰ পিয়াহ লাগিছিল। তেতিয়া সি এটা কুঁৱা দেখা পাই তাৰ ভিতৰলৈ নামি যায় আৰু পানী পান কৰি পিয়াহ পলোৱায়। তাৰ পাছত কুৱাৰ পৰা ওলাই আহে। তেতিয়া তেওঁ দেখিলে যে এটা কুকুৰে জিভাখন (পিয়াহ লগা বাবে) উলিয়াই ফুপাইেছ আৰু মাটি চেলেকি আছে। মানুহজনে (মনে মনে) ক’লে, কুকুৰটোৰো মোৰ দৰেই পিয়াহ লাগিছে। তাৰ পিছত মানুহজনে আকৌ কুঁৱাটোৰ ভিতৰলৈ নামি যায় আৰু নিজৰ (চামৰাৰ) মোজাত পানীৰে ভৰাই লয়, তাৰ পিছত মুখখন চেপা মাৰি ধৰি ওপৰলৈ উঠি আগে আৰু কুকুৰটোক পানী পান কৰায়। মহান আল্লাহে মানুহজনৰ (এই কামৰ) মৰ্যাদা দিলে আৰু ক্ষমা কৰি জান্নাতত প্ৰৱেশ কৰালে। 

[২]

আন এক ঘটনা। এটা কুঁৱাৰ চাৰিওফালে কুকুৰ এটাই ঘূৰি ফুৰিছিল। পিয়াহত মৰিবলৈ ওলাইছিল। এই দৃশ্য বনী ইজৰাইলৰ এগৰাকী চৰিত্ৰহীন মহিলাই দেখা পাইছিল। মহিলাজনীৰ মনত কুকুৰটোৰ প্ৰতি দয়া উপজিল। তাৰ পাছত নিজৰ মোজাটো খুলি তাতে পানী ভৰাই তাৰ বাবে লৈ গ’ল। ইয়াৰ পিছত কুকুৰটোক পান কৰালে। ইয়াৰ কাৰণে তেওঁক ক্ষমা কৰা হয়। 

[৩]

এজনী মহিলাই এটা মেকুৰী বান্ধি থৈছিল। কিন্তু তাক একো  খাদ্য-পানীয় নিদিলে আৰু মেকুৰীটোক মুকলি কৰিও নিদিলে, যাতে পোক-পৰুৱা আৰু মকৰা খাই তেওঁৰ জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন। ফলত মেকুৰীটো খাদ্যৰ অভাৱত মৃত্যুবৰণ কৰিলে। সেয়েহে মহিলাগৰাকীৰ এই কাৰ্য্যটোৱে নৰকলৈ যোৱাৰ কাৰণ হ’ল। 


শিক্ষাঃ

১। আল্লাহৰ যিকোনো সৃষ্টি জীৱৰ প্ৰতি ভালপোৱা আৰু দয়া প্ৰদৰ্শনে জীৱ শ্ৰেষ্ঠ মানুহৰ মৰ্যাদা বৃদ্ধি কৰে। একেদৰে ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ জীৱক কষ্ট বা অত্যাচাৰ কৰিলে, তাৰো পৰিণাম ভুগিব লাগিব। 

২। এটা কুকুৰৰ প্ৰতি দয়া প্ৰদৰ্শনে আল্লাহে মহিলাজনীৰ ডাঙৰ পাপ ক্ষমা কৰি দিয়ে। আনহাতে এটা মেকুৰীক অন্যায়ভাবে বান্ধি ৰাখি হত্যা কৰা বাবেই নৰকলৈ যাব লাগিব। 

No comments