ads header

শেহতীয়া

ইছলামৰ দৃষ্টিত প্ৰতিৱেশী


   ইয়াকুব আলী আহমেদ

মানুহে বিশ্বৰ খবৰা-খবৰ হাতৰ মুঠিতে তৎক্ষণাত লাভ কৰি আছে। কেৱল খবৰেই লাভ কৰা নাই তাত নিজৰ এক বলিষ্ট মতামত দাঙি ধৰিবলৈ সক্ষম হৈছে। কিন্তু সেই সময়ত দুখৰ কথা এয়ে যে মানুহে নিজৰ একেবাৰে কাষৰ ব্যক্তিজনৰ অৰ্থাৎ প্ৰতিৱেশী ব্যক্তি বা পৰিয়ালটোৰ খবৰ পাতি ল’বলৈ কোনো সময় নাই। প্ৰতিবেশীৰ অৱস্থা সম্পৰ্কে তেওঁ একো নাজানে। প্ৰতিৱেশী লঘুনে আছে নে দিনটোত সন্তান সন্তুতিৰ বাবে এমুঠি আহাৰ যোগাৰ কৰিব পাৰিলে নে নাই সেয়া এজন প্ৰতিৱেশী হিচাপে নৈতিক দায়িত্ব আছিল, কিন্তু সেয়া পাহৰি গৈছে। 

ভাল বা বেয়া দিনেই হওক যাক কাষত পোৱা যাব সেয়া তো প্ৰতিৱেশীয়ে। কিন্তু আজি কালি প্ৰতিৱেশীক মানুহে গুৰুত্ব দিয়া নাই। প্ৰতিৱেশীক তুচ্ছজ্ঞান কৰি তেওঁলোকৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব নিবিচাৰে। প্ৰতিৱেশীৰ সুখ দুখত সমভাগী হ’ব নিবিচাৰে। প্ৰতিৱেশীৰ বেয়া দিনত সহায়ৰ হাত আগবঢ়াব নিবিচাৰে। ইয়াক মানৱতাৰ নৈতিক  স্‌খলন বুলি ক’ব লাগিব। 

প্ৰতিৱেশী সম্পৰ্কে ইছলামে এই শিক্ষা দিছে যে এজন ভাল মুছলমান হ’বলৈ হ’লে তেওঁ প্ৰতিৱেশীৰ সৈতে ভাল সম্পৰ্ক গঢ়িব লাগিব। সেইজন ব্যক্তিক নিকৃষ্ট বুলি কৈছে যিয়ে তাৰ প্ৰতিৱেশীক কষ্ট দিয়ে। প্ৰতিৱেশীক যিজনে কষ্ট দিয়ে সি ইছলামত বিশ্বাসী নহয় বুলি কৈছে। নবী [ছ] এ কৈছেঃ ‘আল্লাহৰ শপথ! সেই ব্যক্তি ঈমানদাৰ নহয়, আল্লাহৰ শপথ! সেই ব্যক্তি ঈমানদাৰ নহয়। ’আল্লাহৰ শপথ! সেই ব্যক্তি ঈমানদাৰ নহয়, কোৱা হ’ল কোন সেই ব্যক্তি? নবী [ছ] এ ক’লেঃ ‘যাৰ প্ৰতিৱেশী তাৰ অনিষ্টৰ পৰা নিৰাপদবোধ নকৰে।’[1] ছহীহ মুছলিমত অতিৰিক্ত আছেঃ ‘যাৰ প্ৰতিৱেশী তাৰ অনিষ্টৰ পৰা নিৰাপদ নহয়, সি জান্নাতত প্ৰৱেশ কৰিব নোৱাৰে।'[2] আন এক হাদীছত নবী [ছ] এ কেছৈঃ ‘যিয়ে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস পোষণ কৰে, তাৰ উচিত প্ৰতিৱেশীৰ সৈতে সজ আচৰণ কৰা (প্ৰতিৱশীক কষ্ট নিদিয়া) ; যিয়ে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস পোষণ কৰে, তাৰ উচিত অতিথিসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা আৰু যিয়ে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস পোষণ কৰে, তাৰ উচিত সি যেন উত্তম কথা-বতৰা পাতে অথবা মনে মনে থাকে।’[3] ইয়াৰ পৰাই বুজিব পাৰি ইছলামে প্ৰতিবেশীৰ প্ৰতি কেনে গুৰুত্ব প্ৰদান কৰিছে।

প্ৰতিৱেশীৰ সজ্ঞা আৰু প্ৰকাৰঃ

প্ৰতিৱেশীৰ আৰৱী প্ৰতিশব্দ হৈছে ‘জাৰ’৷ ইংৰাজীত ‘Neigbhour’৷ পাৰিভাষিক অৰ্থত ‘ব্যক্তি এজনৰ কাষত বা ওচৰত বসবাস কৰা লোকসমষ্টিয়েই হৈছে প্ৰতিৱেশী।' এই ক্ষেত্ৰত কাষৰ কেইঘৰ পৰিয়ালক প্ৰতিৱেশী বুলি কোৱা হ’ব এই বিষয়ে বিভিন্নজনে বিভিন্ন মতামত প্ৰদান কৰিছে৷ হজৰত হাছান [ৰ] এ কৈছে, ‘নিজৰ ঘৰৰ পৰা সন্মুখৰ চল্লিছ ঘৰ, পিছৰ চল্লিছ ঘৰ, সোঁফালৰ চল্লিছ ঘৰ আৰু বাওঁফালৰ চল্লিছ ঘৰ পৰিয়াল হৈছে প্ৰতিৱেশী।’[4] কাৰোবাৰ মতে চাৰিওপিনৰ দহ ঘৰ প্ৰতিৱেশী হিচাপে গণ্য৷ কোনোবাই কৈছে যি জনে মাতিলে সঁহাৰি দিব পাৰিলে তেওঁ প্ৰতিৱেশী৷ কাৰোবাৰ মতে একে মছজিদত একে লগে নামাজ পৰিলে প্ৰতিৱেশী হিচাপে গণ্য৷ চৰিয়তত কোনো নিদ্দিৰ্ষ্ট কৰি দিয়া হোৱা নাই বাবেই বিভিন্নজনে অভিধানৰ অৰ্থৰ ভিত্তিত আৰু চাহাবা সকলৰ কাৰ্যৰ ভিত্তিত প্ৰতিৱেশী কোন সেই সম্পৰ্কে মতামত দিবলৈ চেষ্টা কৰিছে৷ সেয়ে প্ৰতিৱেশী গণ্য কৰাৰ ক্ষেত্ৰত স্থানীয় যি নীতি আছে তাকেই গ্ৰহণ কৰা হ’ব৷ চৰিয়তত যদি কোনো বিষয়ত নীতি নিৰ্দেশনা নাথাকে সেই ক্ষেত্ৰত ‘উৰফ’ অৰ্থাৎ প্ৰচলিত ৰীতি গ্ৰহণ কৰা হয়৷ 

দূৰত্বৰ দৃষ্টিত প্ৰতিৱেশী

প্ৰতিৱেশীক বহুতে বহুত ধৰণে বিভক্ত কৰিছে৷ দূৰত্বৰ দৃষ্টিত প্ৰতিৱেশীক দুভাগত ভাগ কৰিছে- ১. নিকটবৰ্তী প্ৰতিৱেশী আৰু ২. দূৰবৰ্তী প্ৰতিৱেশী৷ নিকটবৰ্তী আৰু দূৰবৰ্তী প্ৰতিৱেশীৰ অৰ্থ হৈছে প্ৰতিৱেশী সদাচাৰ পোৱাৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত যি প্ৰতিৱেশী ঘৰৰ একেবাৰে কাষৰ এনেকি যি ঘৰৰ দৰ্জাখনৰ ওচৰত থাকে তেওঁ হৈছে নিকটবৰ্তী প্ৰতিৱেশী৷ উম্মুল মুমিনীন আয়েছা [ৰা] এবাৰ ৰছুল [চ] ক ক’লে, ‘ইয়া ৰছুলুলল্লাহ! মোৰ দুজন প্ৰতিৱেশী আছে৷ তাৰ মাজত মই কাক বেছি উপহাৰ আদি দিম? ৰছুলে [ছ] ক’লেঃ ‘ যাৰ ঘৰৰ দুৱাৰ তোমাৰ বেছি কাষত থাকে৷’[5] এই ক্ষেত্ৰত বুজা যায় যে দ্বিতীয়জন দূৰত্বৰ দৃষ্টিত দূৰবৰ্তী প্ৰতিৱেশী৷ এনেকৈ প্ৰথম জনতকৈ দ্বিতীয়জন, দ্বিতীয়জনতকৈ তৃতীয়জন দূৰবৰ্তী প্ৰতিৱেশী হিচাপে গণ্য হ’ব৷ হজৰত আবু হুৰাইৰা [ৰা] য়েও এই বিষয়ে কৈছে, ‘নিকটবৰ্তী প্ৰতিৱেশীক বাদ দি  দূৰবৰ্তী প্ৰতিৱেশীৰ পৰা [উপহাৰ আদি] প্ৰেৰণ কৰা নাযাব৷’[6] প্ৰতিৱেশীৰ অগ্ৰণ্যৰ ক্ষেত্ৰত আন এটা মানদণ্ড এটি হাদীছৰ পৰা জানিব পৰা যায়৷নবী (ছ) কৈছেঃ দুজন ব্যক্তি একে লগে দাৱাত কৰিলে তোমাৰ ঘৰৰ ওচৰৰ  ব্যক্তিৰ দাৱাত কবূল কৰিবা। কিয়নো ঘৰৰ কাষৰ ব্যক্তি নিকটৱৰ্তী প্রতিবেশী  আৰু যদি এজনে আন জনৰ আগতে দাৱাত দিবলৈ আহে তেন্তে প্রথমতে অহা ব্যক্তি জনৰ দাৱাত কবূল কৰিবা।[7] এই বিভাজন কোনো বৈষম্য কৰাৰ বাবে নহয়। বৰঞ্চ সামাজিক শৃঙ্খলা বৰ্তাই ৰাখিবলৈহে। অন্যথায় প্ৰতিৱেশী সহায় সহযোগিতা পোৱাৰ ক্ষেত্রত সকলোৱে সমান। যাতে সহযোগিতা সঠিক ভাবে কাৰ্যকৰী কৰিব পৰা যায় তাৰ বাবেহে এই স্তৰ বিন্যাস।

আত্মীয় দৃষ্টিকোণত প্ৰতিৱেশী

আকৌ আত্মীয় দৃষ্টিকোনৰ পৰা দুই ভাগত ভাগ কৰিব পাৰি- ১. আত্মীয় প্ৰতিৱেশী আৰু ২. অনাত্মীয় প্ৰতিৱেশী৷আত্মীয় সকলৰ বিষয়ত ইছলামে বহুত গুৰুত্ব প্ৰদান কৰিছে। কোৰআনত যি 'জাৰে জিল কুৰবা' বুলি যে কৈছে তাৰ দ্বাৰা আত্মীয় প্ৰতিৱেশীৰ কথাই কোৱা হৈছে। আত্মীয় প্ৰতিৱেশীক সদাচাৰ কৰিলে দুটা হক আদায় কৰা হয়। এটা আত্মীয়ৰ আৰু এটা প্ৰতিৱেশীৰ অধিকাৰ। কোৰআনত আত্মীয় সকলৰ বিষয়ে আৰু বেছি গুৰুত্ব প্ৰদান কৰা হৈছে। আত্মীয় সকলৰ মাজত যদি কোনো অভাবগ্রস্ত হয় তেন্তে তেওঁ সহায় পোৱাৰ ক্ষেত্রত অগ্ৰগণ্য। দান বৰঙণি দুখীয়া আত্মীয় সকলৰ পৰাই আৰম্ভ কৰিব লাগে। কিন্তু প্ৰতিৱেশী অনাত্মীয় হলেও সহায় সহযোগিতা পোৱাৰ ক্ষেত্রত বৈষম্য কৰিব নোৱাৰিব। কিয়নো প্ৰতিৱেশীক অনাদৰ কৰিলে কঠিন হুশিয়াৰি দিয়া হৈছে। প্ৰতিৱেশীক অধিকাৰ যথাযথ প্ৰদান কৰিব লাগিব। 

ধৰ্মীয় দৃষ্টিত প্ৰতিৱেশী

ধৰ্মীয় দৃষ্টিতো দুই ভাগত ভগাব পাৰি- ১. মুছলিম প্ৰতিৱেশী আৰু ২. অমুছলিম প্ৰতিৱেশী৷ বিশ্বাস গত ভাৱে মানুহ দুই ভাগে বিভক্ত। এটা মুছলিম আৰু এটা অমুছলিম। প্ৰতিৱেশীও সেইবাবে দুটা ভাগত বিভক্ত। মুছলমানৰ সৈতে মুছলিম হিচাপে অধিকাৰ আছেই, তাৰোপৰি প্ৰতিৱেশী হিচাপেও কিছু অধিকাৰ আছে। কিন্তু অমুছলিমৰ সৈতে ধৰ্মীয় সহযোগিতা নাথাকিলেও প্ৰতিৱেশীৰ এক সম্পৰ্ক আছে। এই অধিকাৰ ইছলামে যথাযথ আদায় কৰিবলৈ নিৰ্দেশ দিছে। পৱিত্ৰ কোৰআনত আল্লাহে কৈছে, 'যিসকলে তোমালোকৰ সৈতে দ্বীনৰ ক্ষেত্রত যুদ্ধ কৰা নাই আৰু তোমালোকক গৃহৰ বাহিৰ কৰি দিয়া নাই, তেওঁলোকৰ সৈতে সজ আচৰণ আৰু ন্যায় কৰিবলৈ নিষেধ নকৰে।নিশ্চয় আল্লাহ ন্যায় কৰোঁতাক পছন্দ কৰে।[8] প্ৰখ্যাত চাহাবা আব্দুল্লাহ ইবনে আমৰ (ৰা)-ৰ ঘৰত এটি ছাগলী জবাহ কৰা হলে, তেওঁ তাৰ দাসজনক বাৰে বাৰে কবলৈ ধৰিলে, 'তুমি এয়া আমাৰ প্ৰতিৱেশী ইহুদীক কিছু দিছা নে? তুমি এয়া আমাৰ প্ৰতিৱেশী ইহুদীক কিছু দিছা নে? মই ৰছুল (ছ)-ক কোৱা শুনিছোঃ 'জিব্ৰাইল (আ)-এ মোক প্ৰতিৱেশী সম্পর্কে ইমান গুৰুত্ব প্রদান কৰিছে যে, মোৰ ধাৰণা হয়, অতিশীঘ্রেই হয়তো তাক মোৰ মোৰ উত্তৰাধিকাৰী স্থিৰ কৰিব।'[9] ইছলামে প্ৰতিৱেশী হিছাপে সকলোকে সমান দৃষ্টিৰে চোৱাটো বিচাৰে। এই ক্ষেত্ৰত মুছলিম অমুছলিম পাৰ্থক্য নকৰে। 

আচাৰ-আচৰণৰ দৃষ্টিত প্ৰতিৱেশী

আচাৰ-আচৰণৰ দৃষ্টিতো দুই ভাগত ভাগ কৰা হয় -১. উত্তম প্ৰতিৱেশী আৰু ২. নিকৃষ্ট প্ৰতিৱেশী৷ প্ৰতিৱেশী ভাল হলেহে শান্তিৰে বসবাস কৰিব পৰা যায়। মানুহে লেনদেন কৰিলেও প্ৰতিৱেশীৰ সৈতে কৰে বেচি। সেয়ে উৎকৃষ্ট প্ৰতিৱেশী এক নিয়ামত। উৎকৃষ্ট প্ৰতিৱেশী সম্পর্কে ৰছুল (ছ) এ কৈছেঃ 'কিয়ামত সংগঠিত নহয় যেতিয়া লৈকে কোন ব্যক্তি তাৰ প্ৰতিৱেশী, তাৰ ভায়েকক আৰু তাৰ পিতৃক হত্যা নকৰিব।'[10] দুষ্ট প্ৰতিৱেশীৰ অনিষ্টৰ পৰা আশ্রয় পাবলৈ ৰছুল (ছ) ৰ দুআত এই কথাষাৰ থাকিছিল যে, 'হে আল্লাহ! তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছো দুষ্ট প্ৰতিৱেশীৰ পৰা স্থায়ী বাসস্থানৰ। কিয়নো পৃথিবীৰ প্ৰতিৱেশী পৰিবৰ্তন হৈ থাকে।'[11]

আনহাতে যাক উৎকৃষ্ট প্ৰতিৱেশী প্ৰদান কৰা হৈছে তাক বহুত কল্যাণ দিয়া হৈছে। নবী (ছ) এ কৈছেঃ 'এজন মুছলমানৰ কাৰণে বিস্তীৰ্ণ গৃহ, প্ৰশস্ত বাসভৱন, সৎ প্ৰতিৱেশী আৰু ৰুচিসন্মত বাহন সৌভাগ্য স্বৰূপ।'[12]

এই সকলোবোৰ বিভাজন পৱিত্ৰ কোৰআনৰ নিম্নোক্ত আয়াতত প্ৰতিৱেশী সম্পৰ্কে যি উল্লিখিত হৈছে তাৰ অধীন৷ আল্লাহ তায়ালাই কৈছে- ‘তোমালোকে আল্লাহৰ ইবাদত কৰিবা আৰু কাকো তাৰ সৈতে অংশীদাৰ স্থাপন নকৰিবা আৰু পিতৃ-মাতৃ, আত্মীয় স্বজন, নিকটবৰ্তী প্ৰতিৱেশী, দূৰবৰ্তী প্ৰতিৱেশী, সংগী লগৰীয়া, মুছাফিৰ, তোমালোকৰ অধিকাৰভুক্ত দাস-দাসীসকলৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা৷ নিশ্চয় আল্লাহ পছন্দ নকৰে দাম্বিক আৰু অহংকাৰীক।’[13]

এই আয়াতত আল্লাহে প্ৰতিৱেশীক প্ৰধানকৈ দুটা স্তৰত বিভাজন কৰিছে। সেয়া হৈছে আত্মীয় প্ৰতিৱেশী আৰু দূৰবৰ্তী প্ৰতিৱেশী। তফছিৰকাৰ সকলে সংগী লগৰীয়া সকলকো তৃতীয় স্তৰৰ এক প্রকাৰ প্ৰতিৱেশীয়ে বুলি কৈছে। 'আছহাব বিল জানবি' দ্বাৰা সাময়িক ভাবে যিসকল ভ্ৰমণ সঙ্গী হয়, কোনো সভা-সমিতিত বা কৰ্মস্থানত একেলগ হয় তেওলোকেও সাময়িক ভাবে প্ৰতিৱেশীয়ে। 

তফছিৰ তাদাব্বুৰে কোৰআনত এই আয়াতৰ পৰা প্ৰতিৱেশীক তিনিটা ভাগত ভাগ কৰিছে। সেয়া হৈছে-'

'১. 'জাৰ জিল কুৰ্বা'- প্ৰতিৱেশী হোৱাৰ লগে লগে আত্মীয়ৰ সম্পর্কও বিদ্যমান।
২. 'জাৰি জুনুব' -ইয়াত জুনুব শব্দৰ অৰ্থ অপৰিচিত। অৰ্থাৎ প্ৰতিৱেশী কিন্তু কোনো প্ৰকাৰ আত্মীয়তাৰ সম্পর্ক তাৰ লগত নাই।
৩. 'আছহাব বিল জানবি'-ইয়াত 'জানবি' শব্দৰ অৰ্থ পাশ্বৰ্দেশ, যি মানুহ সাময়িক বা কৃত্ৰিমভাৱে কোনো সভা বা বৈঠক, কোনো যানবাহন বা দোকান অথবা কোনো হোটেলত আপোনোৰ সহচৰ বা সহযাত্ৰী হৈ পৰে, তাকে কোৱা হয় 'আছহাব বিল জানবি'৷ ইছলামী সমাজত এই তিন প্ৰকাৰ লোকেই এজনে আন জনৰ পৰা প্ৰতিৱেশীৰ অধিকাৰ পোৱাৰ অধিকাৰী হৈ থাকে৷'[14]

মহানবী [ছ] এ  অধিকাৰ আদায় কৰাৰ দৃষ্টিত প্ৰতিৱেশী সকলক তিনিটা স্তৰত বিভক্ত কৰিছে৷ ইবনে কাছীৰে মুছনাদে বাযযাৰৰ এটি হাদীছ উল্লেখ কৰিছে৷ হজৰত জাবিৰ ইবনে আব্দুল্লাহ [ৰা] এ বৰ্ণনা কৰিছে, ৰছুল [ছ] এ কৈছেঃ ‘প্ৰতিৱেশী তিন শ্ৰেণীৰ হৈ থাকে৷ প্ৰথম শ্ৰেণী হৈছে সেইসকল প্ৰতিৱেশী, যিসকলৰ এটা মাত্ৰ হক প্ৰাপ্য থাকে৷ এই শ্ৰেণী প্ৰতিৱেশী অধিকাৰৰ পিনৰ পৰা ক্ষুদ্ৰতম প্ৰতিৱেশী৷ দ্বিতীয় শ্ৰেণীৰ প্ৰতিৱেশী হৈছে সেই প্ৰতিৱেশী যাৰ দুটা মাত্ৰ অধিকাৰ প্ৰাপ্য হৈ থাকে৷ তৃতীয় শ্ৰেণীৰ প্ৰতিৱেশী হৈছে সেইসকল প্ৰতিৱেশী যি সকল তিনিটা অধিকাৰ লাভ কৰাৰ অধিকাৰী হৈ থাকে৷ এই শ্ৰেণীৰ প্ৰতিৱেশী অধিকাৰ লাভ কৰাৰ পিনৰ পৰা বৃহত্তম প্ৰতিৱেশী৷ যি প্ৰতিৱেশী এটি মাত্ৰ অধিকাৰ লাভৰ অধিকাৰী হৈ থাকে, সি হৈছে তেঁজ সম্পৰ্ক বিহীন মুছৰিক প্ৰতিৱেশী৷ যি প্ৰতিৱেশী দুটামাত্ৰ অধিকাৰ লাভৰ অধিকাৰী হৈ থাকে, তেওঁ হৈছে মুছলিম প্ৰতিৱেশী৷ মুছলিম হিচাপে হক আৰু প্ৰতিৱেশী হোৱাৰ হক-এই দুটা তাৰ প্ৰাপ্য থাকে৷ যি প্ৰতিৱেশীৰ তিনিটা হক প্ৰাপ্য থাকে, তেওঁ হৈছে মুছলিম প্ৰতিৱেশী৷ প্ৰতিৱেশীৰ অধিকাৰ, মুছলমান হিচাপে অধিকাৰ আৰু ৰক্তসম্পক¹য় অধিকাৰ- এই তিনি প্ৰকাৰ অধিকাৰ তাৰ পোৱাৰ অধিকাৰী হৈ থাকে৷’[15]

প্ৰতিৱেশীৰ অধিকাৰ আৰু মৰ্য্যাদাঃ

প্ৰতিৱেশী সম্পৰ্কে ইছলাম যি নিৰ্দেশনা প্ৰদান কৰিছে তাৰ পৰা বুজা যায় যে প্ৰতিৱেশীৰ মৰ্য্যাদা নিজৰ সন্তান আৰু উত্তৰাধিকাৰীৰ প্ৰায় সম পৰ্য্যায়ৰ৷ প্ৰতিৱেশী সম্পৰ্কে ইছলামৰ দৰে অধিকাৰ অইন কোনো মতবাদ বা দৰ্শন দেখিবলৈ পোৱা নাযায়৷ সমাজ এখন সুস্থিৰ বাবে চলিবলৈ সমাজৰ সকলোৰে লগত এক ভ্ৰাতৃত্ববোধ থাকিব লাগিব৷ সেই বাবে ইছলামে প্ৰতিৱেশীৰ প্ৰতি যত্ন ল’বলৈ বহুত গুৰুত্ব প্ৰদান কৰিছে৷ এনে এনে অধিকাৰ প্ৰদান কৰিছে যে যাৰ বাবে প্ৰতিৱেশীৰ মাজত কেতিয়াও হিংসা, বিদ্বেষ, ঘৃণা আদি থাকিবৈ নোৱাৰে৷ প্ৰিতেৱেশী সম্পৰ্কে ৰছুল [ছ]ৰ মনোভাৱ এনেদৰে প্ৰকাশ কৰিছে, ‘জিব্ৰাইল [আ] এ মোক প্ৰতিৱেশীসকলৰ বিষয়ে ইমান বেছি উপদেশ দিছে যে, মোৰ মনত ধাৰণা হৈছিল, তেওঁ হয়তো সিহঁতক মোৰ সম্পত্তিৰ উত্তাৰাধীকাৰী বনাই দিব৷’[16] প্ৰতিৱেশীৰ সৈতে সুসম্পৰ্ক, সজ আচৰণ, সহায় সাহায্য আগবঢ়াবলৈ ইছলামে কঠোৰ ভাৱে নিৰ্দেশ দিছে৷ তেওঁলোকৰ বিপদ-আপদত খবৰ লোৱা, তেওঁলোকৰ সৈতে উত্তম ব্যৱহাৰ কৰা মুছলমানৰ কৰ্তব্য বুলি নিৰ্ধাৰণ কৰি দিছে৷ 

১. নিজৰ বাবে যি পছন্দ কৰা প্ৰতিৱেশীৰ কাৰণে তাকে পছন্দ কৰাঃ

এজন মুছলমান সদায় আন এজন মুছলিম ভাইৰ কাৰণে তাকেই পছন্দ কৰিব যি নিজৰ কাৰণে পছন্দ কৰে৷ যি নিজৰ কাৰণে ভালটো পছন্দ কৰিব আৰু আনৰ কাৰণে বেয়াটো পছন্দ কৰিব তেওঁ ভাল মুছলমান নহয়৷ হাদীছত স্পষ্টকৈ বৰ্ণিত হৈছে, ৰছুল [ছ] এ কৈছে, ‘তেতিয়ালৈকে তোমালোকৰ কোনেও মুমিন হ’ব নোৱাৰে, যেতিয়ালৈকে সি নিজৰ বাবে যি পছন্দ কৰিব, তাৰ ভায়েকৰ বাবেও তাকে পছন্দ নকৰিব৷’[17] এই একে কথাই ৰছুল [ছ] এ প্ৰতিৱেশীৰ ক্ষেত্ৰতো কৈছে৷ আনাছ [ৰা] এ বৰ্ণনা কৰিছে, ৰছুল [ছ] এ কৈছে, ‘সেই সত্তাৰ শপথ! যাৰ হাতত মোৰ প্ৰাণ, কোনো বান্দা তেতিয়ালৈকে ঈমানদাৰ হ’ব নোৱাৰে, যেতিয়ালৈকে সি তাৰ প্ৰতিৱেশী বা ভাইৰ কাৰণে তাকে পছন্দ কৰিব, যি নিজৰ বাবে পছন্দ কৰে৷’[18] কল্যাণ কামনাৰ ক্ষেত্ৰত ৰছুল [ছ] এ প্ৰতিৱেশী বা মুমিনৰ মাজত একো পাৰ্থক্য কৰা নাই৷

২. মানুহ এজনৰ ভাল বেয়াৰ নিৰ্ধাৰণ কৰিব পাৰে প্ৰতিৱেশীয়েঃ

প্ৰতিৱেশী সদায় কাষত থাকে বাবে প্ৰতিৱেশীয়ে জানিব পাৰে মানুহ জনৰ চৰিত্ৰ কেনেকুৱা৷ আচাৰ-আচৰণ, ব্যবহাৰ, কথা বতৰা আদি সকলো জানিব পাৰে সহজতে জানিব পাৰে প্ৰতিৱেশীয়ে৷ সেই বাবেই প্ৰতিৱেশী জনেই সাক্ষ্য দিব পাৰে যে মানুহজন কেনেকুৱা৷ ৰছুল [ছ] এ কৈছেঃ ‘আল্লাহ তা‘আলাৰ ওচৰত সেই ব্যক্তি উত্তম বন্ধু, যি তাৰ নিজৰ বন্ধুৰ ওচৰত উত্তম আৰু আল্লাহ তা‘আলাৰ ওচৰত উত্তম প্ৰতিবেশী সেই ব্যক্তি, যি তাৰ নিজৰ প্ৰতিবেশীৰ ওচৰত উত্তম৷’[19]

ইবনে মাছঊদ [ৰা] পৰা বৰ্ণিত৷ তেওঁ কৈছে, এজন ব্যক্তিয়ে আল্লাহৰ নবী [ছ]ক সুধিলে, হে আল্লাহৰ ৰছুল! মই কেনেকৈ জানিম যে, মই ভাল কাম কৰিলো নে বেয়া কাম কৰিলো? নবী [ছ] এ কলেঃ ‘যেতিয়া তুমি তোমাৰ প্ৰতিবেশীক কোৱা শুনিবা যে, তুমি ভাল কাম কৰিছা, তেন্তে তুমি ভাল কাজ কৰিছা আৰু যেতিয়া তুমি তোমাৰ প্ৰতিবেশীক কোৱা শুনিবা যে, তুমি বেয়া কাম কৰিছা, তেন্তে তুমি বেয়া কাম কৰিলা৷’[20]

৩. উপহাৰ, উপঢৌকন, সদাচাৰ পোৱাৰ পাত্ৰঃ

প্ৰতিৱেশীক যথাযোগ্য সন্মান দিব লাগে৷ প্ৰতিৱেশীৰ প্ৰতিটো প্ৰয়োজনত সহাঁৰি জনাব লাগে৷ সুন্দৰ আচৰণ কৰিব লাগে৷ পৰিয়ালৰ পিছতে প্ৰতিৱেশীৰ আলপৈচান ধৰবি লাগে৷ ৰছুল [ছ]-এ প্ৰতিৱেশীৰ সৈতে সদাচাৰ কৰিবলৈ চাহাবাসকলক উৎসাহিত কৰিছে৷ এনেকি বিদায় হজৰ সময়তো প্ৰতিৱেশীসকলৰ সৈতে ভাল আচৰণ কৰিবলৈ যথেষ্ট উৎসাহিত কৰিছে৷ ৰছুল [ছ]-ৰ বিশিষ্ট চাহাবা হজৰত আবু যৰ [ৰা]-ক উপদেশ দিছিল যে তুমি যেতিয়া আঞ্জা বনোৱা তাত বেছিকৈ ঝোল দিবা আৰু সেয়া প্ৰতিৱেশীসকললৈ পঠোৱা৷[21] অৰ্থাৎ প্ৰতিৱেশীক আঞ্জা দিবলৈ সামৰ্থ নাথাকিলে পানীৰে বেছিকৈ ৰান্ধি হ’লেও প্ৰতিৱেশীক দিবলৈ উপদেশ দিছে৷ এই ক্ষেত্ৰত মহিলা সকলক ৰছুল [ছ] এ উপদেশ দিছে যে, ‘হে মুছলিম নাৰী সমাজ! তোমালোকৰ কোনো প্ৰতিৱেশীয়ে যদি ছাগলীৰ খুৰো উপহাৰ স্বৰূপ দিয়ে, তেতিয়াও সেয়া তুচ্ছজ্ঞান নকৰিবা৷[22] অৰ্থাৎ দিওঁতাই যেন লাজৰ বশবৰ্তী হৈ দিয়াৰ পৰা বিৰত নাথাকে আৰু গ্ৰহণকাৰীয়েও যেন অলপ বুলি অবজ্ঞাৰ দৃষ্টিৰে নাচায়৷ ৰছুল [ছ] এ হজৰত আবু হুৰাইৰা [ৰা]-ৰ হাতত ধৰি গণি গণি পাঁচটা আমল শিক্ষা দিছিল৷ তাৰে এটা আমল উল্লেখ কৰিছিল যে, ‘প্ৰতিৱেশীৰ লগত ভদ্ৰভাৱে আচৰণ কৰিলে প্ৰকৃত মুমিন হ’ব পাৰিবা৷’[23] প্ৰতিৱেশী সম্পৰ্কে ইছলামে যি শিক্ষা দিছে প্ৰদান কৰিছে, সেয়াই হৈছে শান্তিপূৰ্ণ সমাজ গঢ়াৰ অন্যতম সোঁপান৷

তথ্যসুত্রঃ

[1] [ছহীহুল বুখাৰীঃ ৬০১৬]
[2] [ছহীহ মুছলিমঃ ৪৬]
[3] [ছহীহুল বুখাৰীঃ ৬০১৮; ছহীহ মুছলিমঃ ৪৭; আল আদাবুল মুফৰাদঃ ১০২]
[4] [আল আদাবুল মুফৰাদঃ ১০৯]
[5] [ছহীহুল বুখাৰী, ছুনান আদ-দাৰেমী, আল আদাবুল মুফৰাদঃ ১০৬, ১০৭]
[6] আল আদাবুল মুফৰাদঃ ১০৯]
[7] [ছুনান আবু দাউদ ৩৭৫৬, মিশকাত:৩২২৩]
[8] (ছুৰা মুমতাহিনাঃ ৮)
[9] [আল আদাবুল মুফৰাদঃ ১০৫, ১০৭, বুখাৰী, মুছলিম]
[10] [আল আদাবুল মুফৰাদঃ ১১৮]
[11] [আল আদাবুল মুফৰাদঃ ১১৭]
[12] [আল আদাবুল মুফৰাদঃ ১১৬]
[13] [আল কোৰআন, আন নিছাঃ ৪/৩৬]
[14] [মাওলানা আমীন আহছান ইছলাহী, তাদাব্বুৰে কোৰআন, ব্যাখ্যাকৃত আয়াত ৪/৩৬; মুফতি মোহাম্মাদ তাকি উচমানি, তফছিৰে তাওযিহুল কোৰআন, ব্যাখ্যাকৃত আয়াত ৪/৩৬, টী. ২৯, ৩০]
[15] [ইবনে কাছিৰ, তফছিৰে ইবনে কাছিৰ, ব্যাখ্যাকৃত আয়াতঃ ৪/৩৬, হাদীছ-৮; মুফতি মহঃ ছফী, তফছিৰ মাৰিফুল কোৰআন (সংক্ষিপ্ত), সৌদী সংস্কৰণ, ১৪১৩ হিজৰি, পৃ. ২৪৯-৫০]
[16] [ছহীহ বুখাৰী,ছহীহ মুছলিম]
[17] [ছহীহ বুখাৰী,ছহীহ মুছলিম]
[18] [ছহীহ মুছলিম]৷
[19] [জামে আত তিৰমিযীঃ ১৯৪৪, ছুনান আদ দাৰিমীঃ ২৪৩৭]
[20] [ছুনান ইবনে মাজাঃ ৪২২৩]
[21] [ছহীহ মুছলিম-২৬২৫, ছুনান ইবনে মাজা-৩৩৬২, ছুনান আদ-দাৰেমী-২০৭৯, ৰিয়াদুছ সালেহীন-৩০৯]
[22] [ছহীহুল বুখাৰীঃ ৬০১৭, ছহীহ মুছলিমঃ১০৩০]
[23] [জামে আত-তিৰমিজীঃ ২৩০৫]

No comments