ads header

শেহতীয়া

আল্লাহৰ ৰহমতৰ পৰা নিৰাশ নহ'বা (হাদীছত বৰ্ণিত কাহিনী/৯)

   ইয়াকুব আলী আহমেদ

পূর্ব কালৰ ঘটনা। এজন ব্যক্তিৰ মৃত্যুৰ সময় যেতিয়া কাষ চাপি আহিলে, তেওঁ তাৰ সন্তান সকলক মাতি আনি ক'লে, 'মোৰ মৃত্যু হ'লে মোৰ লাশ জুইত পুৰি ছাই কৰি পেলাবা। তাৰ পিছত ইয়াক বতাহত উৰুৱাই দিবা। আল্লাহৰ শপথ! আল্লাহে যদি মোক কৰায়ত্ত কৰিব পাৰে, তেন্তে এনে শাস্তি প্রদান কৰিব, যি হয়তো আন কাকো দিয়া নাই। '

মানুহজনৰ মৃত্যু হ'ল। তাৰ কথা অনুসৰি আচৰণ কৰা হ'ল। আল্লাহ তাআলাই মাটিক নিৰ্দেশ দিলে, তোমাৰ মাজত ইয়াৰ যিবোৰ কণা আছে, সকলো একত্রিত কৰা। মিটিয়ে আল্লাহৰ আদেশ তৎক্ষণাৎ পালন কৰিলে। তাৰ সকলো কণা একত্রিত কৰি দিলে। ইয়াৰ পিছত তাক জীৱিত কৰি আল্লাহৰ দৰবাৰত উপস্থিত কৰা হ'ল। আল্লাহে তাক সুধিলে, 'তুমি এই কাম কিয় কৰিছিলা? সি ক'লে, 'হে মোৰ প্ৰভু! তোমাৰ শাস্তিৰ ভয়ত, হে আল্লাহ! তোমাৰ সত্বাৰ ভয়ত। ' তেতিয়া আল্লাহে তাক ক্ষমা কৰি দিলে। 

শিক্ষা
১. আল্লাহৰ ৰহমতৰ পৰা কেতিয়াও নিৰাশ হ'ব নালাগে। 
২. মৰি পচি-গ'লি বা ছাই হৈ গ'লেও আল্লাহৰ ওচৰত নিজৰ কৰ্মৰ হিচাপ দিব লাগিব। 
৩. কাৰোবাক ক্ষমা কৰা বা শাস্তি দিয়া সেয়া সম্পূর্ণ আল্লাহৰ ইচ্ছাধীন। 

#হাদীছত_বৰ্ণিত 
_কাহিনী

No comments